তুমি যেন মোৰ এটি আধালিখা গান- Assamese Love Poem

 

Assamese Love Poem

Assamese Love Poem

তুমি যেন মোৰ এটি আধালিখা গান

তুমি যেন মোৰ এটি আধালিখা গান
সুৰ তাল বিনষ্ট আছে মাথো বিৰহ,
বৰষুণেও অস্পৃশ্য কৰে য’ত
মৰুভূমিও ত’ত মোৰ হৃদয়ৰূপত,
অন্ধকাৰ নিশাত জোনাকী পৰুৱা খেদাদি খেদিছো তোমাক,
পথভ্ৰষ্ট বিৰহী প্ৰেমিক হৈ,
মাজ সাগৰত বঁঠাবিহীন নাৱিক মই,
পেলাই দিয়া তোমাৰ মৰমৰ পাল,
ঢৌৱে ঢৌৱে নাভাগৰিম
বতাহেও দিবহি সংগ নিসংগতাত
পোৱাবহি পাৰ তোমাৰেই নামৰ
অমৰ নহ’লেও অকৃটিম মোৰ প্ৰেমৰ !

 

~ অভিমান কাশ্যপ ।

Leave a comment